"A 2 Z
প্ৰেম এটা উৰি থকা
মৌ-মাখি"

(১)

অনামিকা বর্মন,
বুকুৰ ভিতৰেদি সাপ বগাই আহে
চেঁচা সাপ,
স্মৃতিৰ দৰে চুঁচুৰি
আহে
কামিজৰ তলেদি,
বগাই ফুৰে
গোটেই ৰাতি...

(২)

সুলোচনা ব্ৰহ্ম,
দুচকুত আজিও
লৈ ফুৰো
এটা আদিম গীত,
এখন নদী
এখন দলং
মাজত প্ৰেমৰ ঢৌ

মিনিনায়
মেগৗন জৗৰা
নৗংনি...
হাঁহি থকা তোৰ
চকুদুটাত মুর্চ্ছা যাওঁ
আজিও,
দৈনি দুহৈ
খৗনায় বিলায়
নৗংনি...
নদীৰ ঢৌৰ দৰে
তোমাৰ চুলিতাঁৰিৰ বৰষুণত
আজিও ডুব যাওঁ !

(৩)

বিপাশা ৰয়,
নিমখ খাই
তোৰ চকুৰ পানী
লুনীয়া হ'ল
তোৰ সমস্ত কামনা
মোৰ দুর্ভাবনাত
জাহ গ'ল !

(৪)

সাগৰীকা দেব,
তোৰ ছিগা চুলিডাল
আজিও লৈ ফুৰোঁ
মোৰ কলিজাত
মেৰিয়াই,
মধুৰীআম পকিলেই
সেই
চুলিতাঁৰি উলিয়াই
খুঁটিবলৈ দিওঁ মোৰ দুহাতত !

(৫)

কল্পিতা মণ্ডল,
কাঁচৰ দৰে
ভাঙি যোৱা
এটা প্ৰেমৰ ৰাতি
তোমাৰ নামতে
বছৰেকত এবাৰ
কাটি দিয়ে কলিজা !

(৬)

দীপান্বিতা মণ্ডল,
শিলিগুড়িত তুমি
লৈ ফুৰা এবুকু
বতাহ,
আৰু ইয়াতে মই
উৰি উৰি এটা
উৰি থকা মৌ-মাখিৰ
এবুকু বিষাদ !

(৭)

কুঁৱলী ৰয়,
আজীৱন সাৰে
থাকিব
আমাৰ প্ৰেমৰ
মৌন বিষাদ,
মাজতে ওপঙি ফুৰিব
সৰি পৰা এটা গীতৰ টুকুৰাৰ সুবাস !

(৮)

অনামিকা কলিতা,
বিয়াৰ পিছত তুমি
বেছি কৈ ধুনীয়া হৈছা,
নে মোৰ চকুদুটা হৈ উঠিছে
কাঁচৰ দৰে স্বচ্ছ !

(৯)

ৰক্তিমা,
তুমি আজিও
তেজৰ দৰে ৰঙা
তোমাক দেখিলেই
ৰাঙলী হৈ যায় হিয়া !

(১০)

ৱাহিদা,
এডাল ছিগা সূতা
ইপাৰে মই
সিপাৰে তই
মাজতে ৰৈ থাকে
তেজৰ নৈ !

(১১)

প্ৰার্থনা সাহা,
এতিয়াও তুমি সেই
"দুষ্ট মেয়ের
মিষ্টি হাঁসি"
এতিয়াও ক'বলৈ
মন যায় তোক
"সত্যি সত্যি প্ৰার্থনা,
আমি শুধু তোমাকেই ভালোবাসি"

(১২)
ঈপ্সিতা তালুকদাৰ,
অ' মোৰ বুকুত
ৰৈ ৰৈ গীত গোৱা
জালাহৰ নামাই,
আজিও হ'বলৈ
মন যায়
বৃন্দাবনৰ নষ্ট কানাই !

(১৩)

ৰাণী ৰয়,
পুথিভঁৰালৰ সেই
দুপৰীয়া দুপৰীয়া
গোন্ধ এটাত ডুব যাওঁ আজিও,
আজিও সৰাপাতে
বেহেলা বজায় মোৰ কলিজাৰ মাজত !

(১৪)

ছিমৰন,
সাপ হৈ পৰি থকা
বাটত
ডিঙি মেলি উট হওঁ !

(১৫)

ৰাগিণী বৰ্মন,
.... তোক লৈ ক'বলৈ
মোৰ একো নাই,
তই কেবল কবিতাৰ শব্দত ছন্দ উঠা ঢৌ নহোৱা,
তই নামঘৰত
আজীবন ৰৈ থকা
থাপনা আৰু মণিকুটৰ মূর্চ্ছনা !

♥ ණ কন্দর্পজিৎ কল্লোল


XtGem Forum catalog